ক্ষেত্ৰীত একাদশ শ্ৰেণীৰ ছাত্ৰৰৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। পকেটত উদ্ধাৰ দুই বিশেষ টোকাক লৈ নতুন মোৰ তদন্তত এয়া হত্যাকাণ্ড বুলি পিতৃৰ দাবী
৭ ছেপ্টেম্বৰ === ক্ষেত্ৰীৰ ৰাজ্যিক চিকিৎসালয়ৰ চৌহদৰ চৰকাৰী কোৱাৰ্টাৰত দেওবাৰে একাদশ শ্ৰেণীত অধ্যয়নৰত গাণ্ডীৱ লোচন শৰ্মাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চাঞ্চল্য অব্যাহত আছে। ছাত্ৰজনৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে তেওঁৰ পকেটৰ পৰা উদ্ধাৰ হোৱা দুটা বিশেষ টোকাই ঘটনাটোক নতুন মোৰ প্ৰদান কৰিছে।জানিব পৰা মতে, ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ত ফাৰ্মাচিষ্ট…
ক্ষেত্ৰীত দিন-দুপৰতে একাদশ শ্ৰেণীৰ ছাত্ৰক নৃশংস হত্যাস্বাস্থ্য বিভাগত কৰ্মৰত পিতৃৰ চৰকাৰী আৱাসতে সংঘটিত চাঞ্চল্যকৰ ঘটনা
৬ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী অঞ্চলত দেওবাৰে দিন-দুপৰতে সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক্ষেত্ৰী তিনিআলিস্থিত ৰাজ্যিক চিকিৎসালয়ৰ চৌহদত থকা স্বাস্থ্য বিভাগৰ চৰকাৰী আৱাসত এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰক হাত-ভৰি বন্ধা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।ঘটনাৰ বলি হোৱা ছাত্ৰজন হৈছে ১৭ বছৰীয়া গাণ্ডিপ লাহন শৰ্মা। তেওঁ সোণাপুৰ কেন্দ্ৰীয়…
অসমত মাখনা খেতিৰ অপাৰ সম্ভাৱনা : মন্ত্ৰী পীয়ুষ হাজৰিকাক্ষেত্ৰীৰ বামফৰ স্থিত ” অসম মাখনা উদ্যোগ ” পৰিদৰ্শন
৫ ছেপ্টেম্বৰ === ‘ভোকেল ফৰ লোকেল’ আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে উদ্যোগৰ কাম-কাজ আৰু উৎপাদিত সামগ্ৰীৰ গুণগত মান পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শনিবাৰে ক্ষেত্ৰীৰ বামফৰত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মাখনা খেতি তথা উদ্যোগ ‘অসম মাখনা উদ্যোগ’ পৰিদৰ্শন কৰে ৰাজ্যৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই।পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে মাখনা উদ্যোগ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ ব্যৱসায়িক সম্ভাৱনা আৰু কৃষকৰ বাবে থকা…
নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ পথ নিৰ্মাণ–ৰক্ষণাবেক্ষণৰ গাফিলতিক জগৰীয়া কৰি ক্ষেত্ৰী থানাত এজাহাৰ ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনৰ
৪ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনে। পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত NHAIৰ গাফিলতি আৰু দুৰ্বল সুৰক্ষা ব্যৱস্থাক দুৰ্ঘটনাটোৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰি সংগঠনসমূহে এই এজাহাৰ দাখিল কৰে।উল্লেখ্য যে, যোৱা ৩০ আগষ্টৰ সন্ধিয়া নলগেদেৰাত সংঘটিত…
মৰকদোলাত আৰক্ষীৰ গুলীত দুই সন্দেহযুক্ত গাড়ী চোৰ নিহত চুৰি কৰা বাহনেৰে পলাবলৈ চেষ্টা কৰাৰ সময়তে নাকা চেকিঙত আৰক্ষীৰে গুলিয়াগুলি
দৈনন্দিন বা ৩ ছেপ্টেম্বৰ === সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰকদোলাত বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত এক গুলিয়াগুলিৰ ঘটনাত দুজন সন্দেহযুক্ত গাড়ী চোৰ নিহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ অভিযানৰ মাজতে সংঘটিত এই ঘটনাত আন এজন সন্দেহযুক্ত গাড়ী চোৰ পলাই যাবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাৰ সমীপৰ পৰা…
নাজিৰাখাট টোলগেটত AJYCPৰ বৃহৎ প্ৰতিবাদঘাইপথ মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধৰ দাবী; আৰক্ষী–প্ৰতিবাদকাৰীৰ মাজত হতাহতি, কেইবাজনো আটক
২ ছেপ্টেম্বৰ == সোণাপুৰৰ নাজিৰাখাট টোলগেটত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি আৰু সম্পূৰ্ণৰূপে সুচল নকৰালৈকে টোলকৰ সংগ্ৰহ বন্ধ ৰখাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত কেইবাশ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে টোলগেটৰ এটা অংশ বন্ধ কৰি টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী জনোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।উল্লেখ্য যে, যোৱা দেওবাৰে ক্ষেত্ৰীৰ ভৰাগাঁৱত সংঘটিত হোৱা শোকাৱহ পথ…
৭ জন নিৰীহৰ মৃত্যুৰ পাছতো নাজিৰাখাট টোলগেটত অব্যাহত টোল সংগ্ৰহঘাইপথ মেৰামতি নকৰালৈকে টোল সংগ্ৰহ বন্ধৰ দাবী — প্ৰতিবাদী ছাত্ৰ নেতা ৰিংকু ডেকাক আটক
১ ছেপ্টেম্বৰ=== সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগেটত টোল সংগ্ৰহক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত সাতজন নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছতো টোলগেটত টোল সংগ্ৰহ অব্যাহত ৰখাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে।উল্লেখ্য যে, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা সম্পূৰ্ণৰূপে আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে মেৰামতি…
তেতেলীয়াৰ ভৰাগাঁৱৰ শোকাৱহ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৭ দিনৰ ভিতৰত সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো গাঁত মেৰামতিৰ কঠোৰ নিৰ্দেশপথ মেৰামতি নকৰালৈকে নাজিৰাখাট টোলগেটত টোল সংগ্ৰহ বন্ধৰ সিদ্ধান্ত
৩১ আগষ্ট === কামৰূপ মহানগৰ জিলাৰ তেতেলীয়াৰ ভৰাগাঁৱত কালি সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ।দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে বহু নিশালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে প্ৰতিবাদ সাব্যস্ত…
NH-27ত ভয়ংকৰ পথ দুৰ্ঘটনাপথৰ দ-গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে, ডিভাইডাৰ পাৰ হৈ ট্ৰাকত প্ৰচণ্ড খুন্দা ৪জন নিহত, কেইবাজনো আহত; পথৰ মেৰামতিক লৈ স্থানীয় ৰাইজৰ ক্ষোভ
৩০ আগষ্ট === সোণাপুৰৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন ট্ৰেভেলাৰ আৰু গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা এখন মালবাহী ট্ৰাকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ সংঘৰ্ষ।জানিব পৰা মতে, AS01 HC 0716 নম্বৰৰ ট্ৰেভেলাৰখন গুৱাহাটী অভিমুখে…
খাচী ছাত্ৰ সন্থাৰ আক্ৰমণৰ প্ৰতিবাদত উত্তাল যোৰাবাটঅসমৰ টেক্সি চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা
যুগ বাৰ্তা ,২০ আগষ্ট ===মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু চালকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি অসম-মেঘালয় সীমান্তৰ যোৰাবাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ টেক্সি চালক সন্থাই। প্ৰতিবাদৰ ফলত যোৰাবাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰাষ্ট্ৰীয় ঘাইপথতো সৃষ্টি হয় তীব্ৰ যান-জঁট।উল্লেখ্য যে, যোৱা ১৯ আগষ্টত মেঘালয়ৰ অন্যতম প্ৰধান ছাত্ৰ সংগঠন খাচী ছাত্ৰ সন্থাই শ্বিলঙত…




